Total Pageviews

Wednesday, October 5, 2022

নলবাৰী আৰিকুছি দুৰ্গা পূজাৰ লগত সংগতি ৰাখি অনুষ্ঠিত ধৰ্মালোচনী সভাত এগৰাকী আলোচক (১৬ আহিন তিনি অক্টোবৰ)

নলবাৰী চহৰৰ দক্ষিণ প্ৰান্তৰ সম্বন্বয় সংহতিৰ মিলনভূমি আৰিকুছি দুৰ্গাপূজা বাকৰিত ২৯ তম সাৰ্বজনীন দুৰ্গা পূজাৰ লগত সংগতি ৰাখি ১৬ আহিন [তিনি অক্টোবৰ] তাৰিখে অনুষ্ঠিত ধৰ্মালোচনী সভাত এগৰাকী আলোচক হিচাপে দুৰ্গাপূজাৰ সাম্প্ৰতিক সময়ত সামাজিক গুৰুত্বৰ ওপৰত আমি বক্তব্য ৰাখো৷
ধৰ্মালোচনী সভাখন সঞ্চালনা কৰে বজালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ বীৰেন্দ্ৰ কুমাৰ মহন্ত ডাঙৰীয়াই৷ আলোচক হিচাপে উপস্থিত থাকে ক্ৰমে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ডঃ দীনমণি ভাগৱতী ডাঙৰীয়া, গুৱাহাটী প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মনোজ মহন্ত ডাঙৰীয়া, নলবাৰী শংকৰদেৱ একাডেমীৰ অধ্যক্ষ শ্ৰী যুত মুনিন্দ্ৰ মালাকাৰ ডাঙৰীয়া, মৰোৱা আনন্দৰাম বৰুৱা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক শ্ৰী যুত অনিল চক্ৰৱৰ্ত্তী ডাঙৰীয়া আৰু বৃহত্তৰ আৰিকুছি অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজ৷





 

No comments:

Post a Comment