Total Pageviews

Monday, July 20, 2020

কেইখনমান বিদ্যালয়ৰ আমন্ত্ৰনক্ৰমে উপস্থিত আছিলো স্থানপ্ৰাপ্ত শিক্ষাৰ্থীক জনোৱা সম্বৰ্দ্ধনা সভাত। সভাৰ পিছত স্থানপ্ৰাপ্ত ছজন ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা আলোচনাত জানিব পাৰিলো তেওঁলোকে ডাক্তৰ হব বিচাৰে। ভৰিৰ আঙুলিৰপৰা মূৰৰ চুলিলৈকে মানৱ দেহৰ কোনটো অংগৰ, বেজি বা দৰব লিখা নে বেজি বা দৰব বনোৱা ডাক্তৰ হব সেই বিষয়েও আত্মবিশ্বাসেৰে উত্তৰ দিব নোৱাৰিলে। কোনে দিব তেওঁলোকক এই জ্ঞান? সময় আহি পৰিছেনেকি চৰকাৰে অন্তত প্ৰত্যেক জিলাত এজনকৈ কেৰিয়াৰ কাউন্সিলাৰ নিযুক্ত কৰাৰ? কিয় চৰকাৰী বিদ্যালয়ত লৰা-ছোৱালীক নাম ভৰ্তি কৰাব নোখোজে অভিভাবকে? স্থানপ্ৰাপ্তৰ তালিকাত কিয় চৰকাৰী শিক্ষানুষ্ঠানৰ সংখ্যা তাকৰ? চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাগুৰুসকলৰ সামগ্ৰিক চিন্তাধাৰা নে অইন কিবা?

সময়ৰ দাবী পৰিবৰ্তিত সময়ৰ লগত খাপ খুৱাবৰ বাবে বৃত্তি হিচাপে শিক্ষকতা কৰা শিক্ষকে নিজৰ জ্ঞানৰ পৰিধি বৃদ্ধি কৰি আদৰ্শবান শিক্ষকলৈ নিজকে উত্তৰন কৰাৰ। কাৰণ শিক্ষকেই হৈছে এখন সুষ্ট সমাজৰ স্ৰষ্ট্ৰা। এই সকলোবিষয় সামৰি..............



No comments:

Post a Comment