Total Pageviews

Friday, July 31, 2020

অসমৰ 26000 খন গাওঁৰ এজনকৈ যুৱকক বাঁহৰ ওপৰত নিৰ্ভৰ কৰি ক্ষুদ্ৰ উদ্যোগ গঢ়াৰ বাবে দিয়া প্ৰশিক্ষণে 26000 জন যুৱকক আত্মৰ্নিভৰশীল অসম গঢ়াত সহায় কৰিব। এডাল 20 ফুট দীঘল বাঁহৰ মূল্য চহৰৰ বজাৰত 80 ৰপৰা 100 টকা। চহৰত বাঁহ নোহোৱাকৈ অট্ৰালিকা নিৰ্মান কৰিব নোৱাৰি। নিজৰ প্ৰয়োজনৰ বাবে ব্যৱহাৰ কৰা ঘৰৰ বাঁহখিনিও হব পাৰে অৰ্থনৈতিক স্বচ্ছতাৰ অংশ। দ্বিতীয়, গাওঁত বসবাস কৰা 50 লাখ পৰিয়ালৰ ঘৰে ঘৰে আছে তাঁতশাল। যদি শিপিনী বিলাকক আত্মসহায়ক গোটৰ জৰিয়তে সংঘবদ্ধ কৰি অসমৰ 48000 খন চৰকাৰী বিদ্যালয়ত প্ৰয়োজন হোৱা ইউনিফ্ৰমৰ কাপোৰখিনি লগতে বিভিন্ন চৰকাৰী অফিচ-কাছাৰীৰ বাবে প্ৰয়োজনীয় টেবিল ক্লঠ বা পৰ্দাৰ কাপোৰখিনি আত্মসহায়ক গোটৰপৰা ক্ৰয় কৰাৰ ব্যৱস্থা কৰে তেনেহলে অসমৰ বস্ত্ৰ উদ্যোগলৈ আহিব এক যুগান্তকাৰী পৰিবৰ্তন। সময় মানচেষ্টাৰ অব দ্যা ইষ্ট বুলি খ্যাত শুৱালকুছিৰ বস্ত্ৰ উদ্যোগকো আন্তৰাষ্টীয় বজাৰত প্ৰতিষ্ঠা কৰা।
প্ৰকাশিত অসমীয়া প্ৰতিদিন, 28-07-2020


No comments:

Post a Comment