Total Pageviews

Sunday, May 1, 2022

গ্ৰামীণ বিকাশ সংস্থাৰ উদ্যোগত নলবাৰীৰ আৰিকুছিত সাংবাদিক আৰু শ্ৰমিক সম্বৰ্দ্ধনা অনুষ্ঠান

গ্ৰামীণ বিকাশ সংস্থা বৰভাগৰ উদ্যোগত নলবাৰীৰ আৰিকুছিত আয়োজিত ব্যতিক্ৰমধৰ্মী অনুষ্ঠান সাংবাদিক আৰু শ্ৰমিক সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আনন্দ অনুভৱ কৰো। সম্পাদক ৰঞ্জিত দাস ডাঙৰীয়াই আঁত ধৰা উক্ত অনুষ্ঠানত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰহৰী নলবাৰী বৰভাগৰ ছপা আৰু বৈদ্যুতিক মাধ্যমৰ সাংবাদিকসকলৰ লগতে ঠেলা-ৰিক্সা চলোৱা ২০ গৰাকী শ্ৰমিকক সম্বৰ্দ্ধনা জনায়। উক্ত অনুষ্ঠানত আমাৰ সৈতে উপস্থিত থাকে নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বীৰেন্দ্ৰ ডেকা ডাঙৰীয়া, জিলা গ্ৰামীণ জীৱিকা প্ৰকল্প বিষয়া চন্দন তালুকদাৰ ডাঙৰীয়া আৰু ভাগ্যদেৱী থিয়েটাৰৰ মুখ্য প্ৰযোজক সুবোধ মজুমদাৰ ডাঙৰীয়া।

 

No comments:

Post a Comment