Total Pageviews

Monday, July 20, 2020

যোৱা মাৰ্চ মাহৰপৰা দক্ষিণ ভাৰতৰ মাছ অসমলৈ অহা নাই। থলুৱা মাছৰ উপলব্ধতাই অসমত মৎস্য উদ্যোগৰ সম্ভাৱনাৰ দিশ উদঙাই দিয়া নাইনে? অসমৰ গাওঁত বাস কৰা 50 লাখ পৰিয়ালৰ সৰুকৈ হলেও থকা পুখুৰীটো কৰোনাৰ সংকটৰ সময়ত অৰ্থনৈতিক স্বচ্ছতা বজাই ৰখাৰ উপায় হব পাৰে। সম্ভাৱনাক উদ্ভাৱনালৈ ৰূপান্তৰৰ বাবে চৰকাৰে দুবিঘা মাটিৰ পুখুৰীলৈ চৰকাৰী সুবিধা আগবঢ়োৱাৰ পৰিৱৰ্তে সৰু-বৰ সকলো পুখুৰীৰ গৰাকীলৈ সুবিধা আগবঢ়াব লাগে। যদি চীন, জাপান, ভিয়েটনাম, ইন্দোনেছিয়াত পুখুৰী বীমা কৰাতো বাধ্যতামূলক অসমতো সৰু-বৰ সকলো পুখুৰী ব্যক্তিগতখন্দৰ বীমা প্ৰতিষ্ঠানৰ সহযোগত বীমাৰে আবৃত কৰাটো বাধ্যতামূলক কৰিব লাগে। প্ৰকাশিত অসমীয়া প্ৰতিদিন 06-07-2020

No comments:

Post a Comment